ভৰলুলৈ ক্ষমা প্ৰাৰ্থনাৰে
(পুলক জ্যোতি শৰ্মা)
তুমি যেতিয়া পাহাৰৰ ফাঁকেৰে সন্তৰ্পনে ওলাই
লুইতলৈ বুলি বাট কাটিছিলা
তেতিয়া আমি নাঙল চঁচাই নাছিলোঁ
বাকলি বসনেৰে
হাবিয়ে বনে পিংপিঙাই ফুৰিছিলোঁ
ফৰ্মুটি মাৰি ভোক পলুৱাইছিলোঁ
শীতত শীৰ্ণ তুমি বসন্তত হৈছিলা লাস্যময়ী
কজলা মেঘে টোপাটোপে চৌপাশৰ পাহাৰৰ গঢ়াৰে তোমালৈ বাট পোনাইছিল
তুমি সকলো সামৰি হৈছিলা ভৰুণ
তোমাৰ নাচোন হৈছিল উদ্দাম
পুঠি খলিহনাৰ ৰূপালী চিকমিক
জাকৈয়া কাৱৈৰ উজান
জিলিৰ ঝি ঝি পক্ষীৰ কলৰৱত
তোমাৰ লিহিৰি উপত্যকা হৈছিল সৰৱ মুখৰ
সেই উপত্যকাত আমি সাজিছিলোঁ আমাৰ পঁজা আমাৰ চহা গাঁও
নাঙল চাঁচিছিলো আৰু চপাইছিলোঁ মাণিকী-মধুৰি জহা বকুলবৰা মালভোগ ধান
এঙামুৰি দি বেলিয়ে শোৱাপাটী এৰিছিল পখীৰ গীতত
গৰখীয়াৰ গীতত ৰৌদ্ৰোজ্জল দুপৰীয়া হৈছিল মুখৰ
জিলিৰ মাতত বাঢ়িছিল নিৰ্জনতা
বাঁহীৰ সুৰত গভীৰ হৈছিল নিশা
তুমি দুপাৰ বুৰাই পথাৰ কৰিছিলা যৌৱনময়
আমাৰ ভঁৰাল ভৰিছিল শস্যেৰে
পঁজা উপচিছিল হাঁহিৰে
খেৱালিত বৰশীত উঠিছিল মাছ পুঠি
জুতিৰ ভাতসাজত ল'ছালীৰ ওঁঠত খিলখিলাইছিল হাঁহি
ভৰপেটেৰে গৰুৰজাকে দুপৰৰ ছাঁত পাগুলিছিল অময়া সুখত
ৰিং এটাৰ দূৰত লুইতৰ পাৰত থিয় দিছিল এখন নগৰ
ৰজা ডা-ডাঙৰীয়া চিপাহী-চন্তৰীৰে তাত হেন্দোলদোপ
যুদ্ধ-সন্ধি জয়-পৰাজয় অধিকাৰ-পুণৰুদ্ধাৰ
কতযুগৰ কত উত্থান পতনৰ কাহিনীৰে ধীৰে আগুৱাইছিল এই নগৰ
নাতিদূৰৰ চহা গাঁও হৈছিল সেই সকলোৰে সাক্ষী
কত হাজাৰ বছৰ জুৰি
নগৰখনে লাহে লাহে ৰূপ সলাইছিল
চহা জীৱনক পিচে অমূৰি কৰা নাছিল
দিনবোৰ আগুৱাইছিল নিৰহ-নিপানীকৈ
বৰ পুৰণি কথা নহয়
এসময়ত নগৰখন বৰকৈ ওফন্দিবলৈ ধৰিলে
তোমাৰ পাৰৰ খাল বিল পথাৰ পাহাৰবোৰ গোগ্ৰাসে গিলিলে
গাঁৱক অৰণ্যলৈ হোঁহকালে
ইটাৰ চপৰা টিনপাতে খেৰবাঁহৰ পঁজাৰ থাউনি নোহোৱা কৰিলে
গৰু-ম'হৰ গাড়ীয়ে বাট এৰিলে মটৰলৈ
বিজুলীৰ পোহৰত টিপচাকি লণ্ঠনে চকু মুদিলে
আলিমূৰৰ মনবৰ কেৰকণহঁতৰ দোকানবোৰৰ ভিকাচন ভাগিল
আলিবোৰ বহল হ'ল ঘৰবোৰ অট্টালিকা হ'ল
অট্টালিকাবোৰ ওখ আৰু ওখ হ'ল
আমি সভ্যতাৰ জখলা বগাই আধুনিক হ'লো
আমাৰ ভৰি মাটিত নপৰা হ'ল
সভ্যতাই গাঁও মাৰি নগৰ জিলিকালে
জিলিকনিৰ তলত সভ্যতাৰো আছে অসভ্যতা আছে উচিষ্ট কদৰ্য্যতা
মাটিত ভৰি নপৰা আমি ন-নগৰীয়াই
পাহৰিলোঁ মাটিৰ মহিমা কি নদীয়ে দিয়ে কি
বুজি নোপোৱা হ’লো
গছ লতাই পোক পখীৰ কলৰৱে বুকু ভৰাই কিদৰে
নিজানত বাঁহীৰ মাতে মন দোলাই কিদৰে
গৰখীয়াৰ গীতত বুকুত বেথাই ভিৰ কৰে কিদৰে
নগৰীয়াক আজি তোমাৰ প্ৰয়োজন নাই
আজি তুমি দুকূল ওপচালে সভ্য নগৰীৰ বৰ অসুবিধা হয়
আৰু দুকূল ওপচায়েইনো কৰিবা কি
চহাবলৈ গুটি সিঁচিবলৈ তোমাৰ দুকাষে
আজিতো নাই আৰু এচাহিও মাটি
নাই সেই সেউজ তৰংগ নাই বসন্তৰ গান
জানাইতো আমি হুতাশন আমি বৰ স্বাৰ্থপৰ
শাহখিনি চুহি শুকান গুটিটো আনক দিয়া স্বভাৱ আমাৰ
সভ্যতাৰ উচিষ্টৰ ভাৰ আমিনো বও কেনেকৈ বাৰু
তোমাৰ নীৰৱতাৰ সু্যোগত
সভ্যতাৰ অমৃতভাণ্ড নিজলৈ ৰাখি
তোমালৈ সেয়ে হলাহল দিছোঁ কলহে কলহে বাকি
তুমিয়োযে ইমান সহিব পাৰা
খুৱাই-বুৱাই আমাক তুলি-তালি
এতিয়া নীলকণ্ঠী হৈ নিশব্দে ধাৰণ কৰিছা
সভ্যতাৰ দূৰ্গন্ধ আৰু গৰল
জীৱন মৃত্যুৰ মাজত দোদুল্যমান ত্ৰিশঙ্কু হৈ কৰিছা চটফট
ভৰলু নিজৰ বাদে আমি কাকো নিছিনিলোঁ
তোমাৰ মৰমৰ এধানিও প্ৰতিদান দিব নোৱাৰিলোঁ
তোমাৰ বুকুত পুণৰ স্ফটিকৰ ধাৰ বোৱাবলৈ
আমাৰ আছে বুদ্ধি আছে গৰ্বৰ ধন
পাষাণ বুকুত নাই পিচে মন
তথাপিও আজি তোমাৰ লাঞ্চিত ৰূপত
স্বাৰ্থপৰ বুকুৰ কোনোবা এডোখৰ উঠিছে মুচৰি
তোমাৰ বাবে আহিছে এটুপি চকুলো নিগৰি
হে প্ৰকৃতি তনয়া ভৰলু তোমাৰ ওচৰত আমি ক্ষমাপ্ৰাৰ্থী
পাৰিবানে দিব আমাক ক্ষমা কৰি
********